*শিৱসাগৰত এণ্টি ড্ৰাগছ স্কোৱাডৰ উকীল সন্থালৈ আহ্বান - ড্ৰাগছ পেডেলাৰৰ নিদিব আইনী সাহাৰ্য*
*শিৱসাগৰ জিলাত শেহতীয়াকৈ বৃদ্ধি পাইছে মাৰাত্মক ড্ৰাগছৰ প্ৰচলন।
*ড্ৰাগছৰ কবলত পৰিছে বহু নৱ প্ৰজন্মৰ কম বয়সীয়া যুৱক -যুৱতী
*শিৱসাগৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্ৰহণ কৰিছে যদিও নিয়ন্ত্ৰিত হোৱা নাই ড্ৰাগছৰ অবাধ প্ৰচলন।
*শেহতীয়াকৈ আৰক্ষীয়ে ড্ৰাগছ সৰবৰহকাৰীৰৰ লগতে আটক কৰিছে বহুকেইজন ড্ৰাগছ সেৱনকাৰীক ।
*আৰক্ষীয়ে আটক কৰাৰ পাছতো আইনৰ সুৰুঙাৰে মুকলি আকাশৰ তললৈ ওলাই আহে এইসকল ড্ৰাগছ সৰবৰহকাৰী*
*ইয়াৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰবাসী সচেতন ৰাইজে গঠন কৰিছিল এণ্টি ড্ৰাগছ স্কোৱাড*
*শুকুৰবাৰে এণ্টি ড্ৰাগছ স্কোৱাডৰ সদস্যসকলে ড্ৰাগছ সৰবৰহকাৰী আৰু ড্ৰাগছ সেৱনকাৰীৰ কোনো ধৰণৰ কেছ গ্ৰহণ নকৰিবৰ বাবে শিৱসাগৰ উকীল সন্থালৈ অনুৰোধ পত্ৰ প্ৰেৰণ কৰে*
#everyonefollowers