সাপেখাতী: সাপেখাতীত ন্যায্য প্ৰাপ্তিৰ দাবীত অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ প্ৰতিবাদ সাব্যস্ত
শুক্ৰবাৰে পুৱা ১০-৩০বজাত সাপেখাতীত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত ৷ অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ সাপেখাতী প্ৰকল্প কমিটিৰ উদ্যোগত সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ অংগনৱাড়ী কৰ্মী সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাবে স্বীকৃতি প্ৰদান, মাননিৰ সলনি মজুৰি দিব নোৱাৰালৈকে ১২ হাজাৰ টকাকৈ মাননি প্ৰদান কৰা, গ্ৰেজুৱেটি প্ৰদান কৰা আৰু অৱসৰপ্ৰাপ্ত কৰ্মী সহায়িকাক এককালীন সাহায্য প্ৰদান কৰাকে আদি কৰি বিভিন্ন দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷