সাপেখাতী: নগাকটা বলমীত গৰু চোৰৰ উপদ্ৰৱ,মঙলবাৰে পুনৰ আগষ্টি মূৰ্মু নামৰ ব্যক্তিজনৰ এটা গৰু চোৰ হয়
মঙলবাৰে ৪ঃ৩০ বজাত বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত নগাকটা বলমীত এটা গৰু চোৰ হোৱা কাৰ্যই অঞ্চলটোত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । উল্লেখযোগ্য যে, নগাকটা বলমীত ধাৰাবাহিক ভাৱে গৰু চোৰৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তে আজি পুনৰ নগাকটা বলমীৰ নিবাসী আগষ্টি মূৰ্মুৰ এটা গৰু চোৰ হয়। ভুক্তভোগীয়ে আৰক্ষীক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।