সাপেখাতী: সাপেখাতীত বগা হাতীত পৰিণত হোলোঙামৰা পানী যোগান আঁচনি, জুৰিৰ পানী খাই জীয়াই আছে ৰাইজ
হোলোঙামৰা মিনি পানী যোগান আঁচনিখন বগা হাতীত পৰিণত হোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।উল্লেখ্য যে বিগত ২০১৯ বৰ্ষতে সাংসদ তপন কুমাৰ গগৈয়ে আধাৰশিলা স্থাপন কৰি ছয় মাহৰ ভিতৰতে খোৱা পানী ব্যৱস্থা হ'ব বুলি ৰাইজক আশ্বাস দিয়াৰ পাছতো আজি পৰ্যন্ত খোৱা ব্যৱস্থা নকৰাত ৰাইজে পাব্লিক এ'পৰ জৰিয়তে অভিযোগ কৰিছে। খোৱা পানীৰ অভাৱত বৰ্তমান ৰাইজে জুৰিৰ পানী খাব লগা হৈছে।