সোৱণশিৰি ভাগ: তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ দৌলৎসৱৰ সামৰণি
তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ দৌলৎসৱৰ আজি সামৰণি পৰে। দূৰ দূৰণিৰ পৰা সমাগম ঘটে হাজাৰ হাজাৰ ভক্ত দৰ্শনাথীৰ। পুৱাৰে পৰা সত্ৰখনত প্ৰাতঃ প্ৰসংগ, আইনাম,ভাগৱত পাঠ আদিৰ আয়োজন কৰা হয়।