সোণাৰি: সোণাৰীৰ বৰহাটত নিৰ্বাচনী প্ৰচাৰসভাত উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ বৰহাট মণ্ডলৰ অন্তৰ্গত ২৭ নং বুথত আজি বিয়লি বিজেপি দলৰ এখন নিৰ্বাচনী প্ৰচাৰসভা অনুষ্ঠিত হয় ৷ এই সভাত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, ২৭ নং বুথৰ সভাপতি ৰঞ্জিত হাতীমূৰীয়া, বৰহাট মণ্ডলৰ সভানেত্ৰী পূৰৱী দুৱৰা গগৈ , সোণাৰী সমষ্টিৰ তত্বাৱধায়ক বিতুপন দলে, কিষান মৰ্চাৰ ৰাজ্যিক সম্পাদক দিব্যজ্যোতি বৰদলৈ, যুৱ মৰ্চাৰ জিলা উপসভাপতি নৱজ্যোতি খনিকৰ, কিষান মৰ্চাৰ বৰহাট মণ্ডলৰ সভাপতি কুমুদ দুৱৰা উপস্থিত থাকে ।