সোণাৰি: লাকুৱাৰ ঐতিহাসিক আমলখী দেওশালত সেৱা ল'লে কেবিনেট মন্ত্ৰী যোগেন মহন, সাংসদ তপন গগৈয়ে
চৰাইদেউ জিলাৰ সোণাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত লাকুৱাত অৱস্থিত ঐতিহাসিক আমলখী দেওশালত আজি দুপৰীয়া সকলোৰে মঙ্গল কামনা কৰি একেলগে সেৱা ল'লে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ৷ লগতে উপস্থিত থাকি সেৱা লয় সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষীনাথ তাচাই ৷