সোণাৰি: অসম-নাগালেণ্ড সীমান্তৰ শ্ৰীপুৰত অবৈধ সুৰাৰ বিৰুদ্ধে মথুৰাপুৰ থানা আৰু টেঙাপুখুৰী আৰক্ষীৰ অভিযানত ১৭০ লিটাৰ পাছ নষ্ট
চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল শ্ৰীপুৰত অবৈধ সুৰাৰ বিৰুদ্ধে মথুৰাপুৰ আৰক্ষী আৰু টেঙাপুখুৰী আৰক্ষীয়ে অভিযান চলায়। অভিযান কালত ১৭০ লিটাৰ চুলাই মদৰ লগত ব্যৱহৃত পাছ আৰু চুলাই তৈয়াৰ কৰা ৬টা যন্ত্ৰ নষ্ট কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।