সোণাৰি: সোণাৰীৰ বৰহাটত বিজেপি দলৰ নিৰ্বাচনী প্ৰচাৰসভাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ অংশগ্ৰহন
চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ অন্তৰ্গত বৰহাটত আজি বিয়লি যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সমৰ্থনত এক নিৰ্বাচনী প্ৰচাৰসভা অনুষ্ঠিত হয় ৷ এই সভাত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকি বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক পুণৰ বিপুল ভোটত বিজয়ী কৰাবলৈ আহ্বান জনায় ৷ সভাত বিধায়কগৰাকীৰ লগতে সোণাৰী সমষ্টিৰ বহুকেইগৰাকী দলীয় বিষয়ববীয়া আৰু স্থানীয় বহুসংখ্যক ৰাইজ উপস্থিত থাকে ৷