বাক্সা: ৰূপাফুলীত বাথৌ মন্দিৰত আৰজ বন্দনা কাৰ্যসূচীত বিটিআৰৰ পাৰিষদ জয় মুছাহাৰীৰ অংশগ্রহণ
Baska, Baksa | Aug 19, 2025 বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ৰূপাফুলীস্থিত সৰুপেটা আঞ্চলিক বাথৌ মন্দিৰত আজি আৰজ বন্দনা কাৰ্যসূচীত অংশগ্রহণ কৰে বিটিআৰৰ শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ জয় মুছাহাৰীয়ে। উল্লেখ্য যে আগন্তুক বিটিটি নিৰ্বাচনত ইউপিপিএলৰ জয়লাভৰ কামনাৰে ৰাইজৰ সৈতে আৰজ বন্দনা কৰে পাৰিষদ জয় মুছাহাৰীয়ে। পাৰিষদ জয় মুছাহাৰীক অঞ্চলটোৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় ৰাইজে সংগ দিয়ে।