ভাৰত চৰকাৰৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয় (MSME) উন্নয়ন আয়ুক্তৰ কাৰ্য্যালয়ৰ অন্তৰ্গত ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপ, গুৱাহাটীৰ উদ্যোগত আজি ২৪ নৱেম্বৰ তাৰিখে ওদালগুৰিত উদ্যোগীকৰণৰ ওপৰত এখন এদিনীয়া প্ৰশিক্ষণৰ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। ওদালগুৰিৰ MRSD NGO ৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত থাকে ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপ, গুৱাহাটীৰ ইনচাৰ্জ ইনফৰমেচন টেকনোলজি বিষয়া উৎপল বায়নে।