মৰিগাঁও: পূজাৰ আনন্দৰ মাজতে মৰিগাঁও চহৰত চুৰিকাঘাটৰ ঘটনা, বন্ধুৱে চুৰিৰে আক্ৰমন কৰিলে বন্ধুক
মৰিগাঁও চহৰৰ গেলেক্সি বাৰৰ সমীপত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা। এজন বন্ধুৱে চুৰিৰে আক্ৰমন কৰে অন্য এজন বন্ধুক। ৰিছান ফেৰ্ডছ নামৰ দলবাৰীৰ যুৱক জনক এজন বন্ধুৱে চুৰিৰে আক্ৰমন কৰাৰ পিছতে একেলগে থকা অন্য কেইবাজনো বন্ধুৱে ৰিচানক চিকিৎসালয়ত ভৰ্তি কৰায়।