বাক্সা জিলাৰ শালবাৰীস্থিত শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন আজি পৰিদৰ্শন কৰে ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে। বিধায়ক ফণীধৰ তালুকদাৰে আজি নৱনিৰ্মিত ভৱন পৰিদৰ্শন কৰি বুজ লোৱা পৰিলক্ষিত হয়। লগতে ঠিকাদাৰক সঠিকভাৱে নৱনিৰ্মিত ভৱনৰ কাম কৰিবলৈ আহ্বান জনায়। বিধায়ক ফণীধৰ তালুকদাৰক কেবাগৰাকীও দলীয় কৰ্মীয়ে সংগ দিয়ে।