সোণাৰি: চৰাইদেউ ৰাঙলী চকলীয়াত তিনিটা শিশু শ্রমিক উদ্ধাৰ
চৰাইদেউৰ ৰাঙলী চকলীয়াত তিনিজন লোকৰ ঘৰত উদ্ধাৰ তিনিটা শিশু শ্ৰমিক । আশ্ৰফট আলী,ইদুল আলী আৰু মোহিব্বত আলীৰ ঘৰত উদ্ধাৰ শিশুকেইটা। চাইল্ড লাইনৰ পৰা লাভ কৰা তথ্য অনুসৰি চৰাইদেউ জিলা শ্ৰম বিষয়াৰ নেতৃত্বত চলা অভিযানত উদ্ধাৰ শিশুকেইটা। আনহাতে,ডিষ্ট্ৰিক লেভেল টাস্ক ফ'ৰ্চ, কাৰ্যবাহী দণ্ডাধীশ, মৰাণ আৰক্ষীৰ উপস্থিতিত চলা অভিযানত উদ্ধাৰ হোৱা শিশুকেইটাক নিয়োজিত কৰা লোককেইজনৰ বিৰুদ্ধে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।