সোণাৰি: 'কা' বাতিলৰ দাবীত সোণাৰিত এজেৱাইচিপিৰ চৰাইদেউ জিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
'কা'ৰ বিৰোধিতা কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। পৰিষদৰ সোণাৰিস্থিত চৰাইদেউ জিলা সমিতিৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বিষয়ববীয়াসকলে অতিশীঘ্ৰে বিজেপি চৰকাৰক আইন বাতিলৰ দাবী জনায়।