সোণাৰি: সোণাৰিৰ বেঙেনাবাৰীৰ পল্লৱ গগৈ নামৰ এজন যুৱক বহি:ৰাজ্যত নিৰুদ্দেশ
সোণাৰি বেঙেনাবাৰীৰ এজন যুৱক বহিঃৰাজ্যত কৰ্মৰ সন্ধানত গৈ নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত বেঙেনাবাৰীৰ পল্লৱ গগৈ নামৰ ব্যক্তি জনে স্থানীয় এজন যুৱকৰ সৈতে কৰ্মৰ সন্ধানত যোৱা ৩০ মেত হাইদৰাবাদলৈ ৰেলেৰে গৈ থকা অৱস্থাতে পল্লৱ গগৈ নামৰ ব্যক্তি জন চিকেন্দ্ৰাবাদ ৰেল ষ্টেচনত ৰেলৰ পৰা নমাৰ পাছতে সন্ধানহীন হৈ পৰাৰ খবৰ পাই পৰিয়ালে সোণাৰি আৰক্ষী থানাত বিষয়টো অৱগত কৰে।