সোণাৰি: চৰাইদেউ জিলা আবকাৰী বিভাগে নামতোলা, অশ্বিনীবিল, অভয়পুৰ বনাঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই ১১৫০ লিটাৰ পাছ নষ্ট কৰে
চৰাইদেউ জিলা আবকাৰী বিভাগে নামতোলা আৰক্ষীৰ সহযোগত নামতোলা, অশ্বনীবিল, অভয়পুৰ বনাঞ্চল আদি অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায় ৷অভিযানকালত চৰাইদেউ জিলা আবকাৰী বিভাগে চুলাই মদৰ পাছ ১১৫০ লিটাৰ আৰু অবৈধ সুৰা প্ৰস্তুতকাৰী সকলৰ বিৰুদ্ধে ৪টাকৈ গোচৰ ৰুজো কৰে ৷