সোণাৰি: বৰহাটত চকৰীফেঁটী সাপ উদ্ধাৰ, বনবিভাগে দিল্লী সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে সাপডাল
সোণাৰি সাপেখাতীত কালি এটা প্ৰকাণ্ড ফেটী সাপ উদ্ধাৰ হোৱাৰ পাছতে আজি পুণৰ সোমবাৰে চাৰি বজাত বৰহাট হাবি গাঁৱৰ নিবাসী দিগন্ত ফুকনৰ এটা হাঁহ-কুকুৰা গৰালৰ পৰা কণী খাই থকা অৱস্থাত বৰহাট অঞ্চলৰ অজয় এক্কা নামৰ প্ৰকৃতি প্ৰেমীলোক জনে প্ৰকাণ্ড সাপটো ধৰি বৰহাট আঞ্চলিক বন কাৰ্যালয়ত চমজাই দিয়।ইতিমধ্যে সাপটো বন বিভাগে দিল্লী সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে।