ৰঙিয়া মহাবিদ্যালয় আৰু মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ত "চুনাৱ কা পৰ্ব-দেশ কা গৰ্ব" শীৰ্ষক সজাগতামূলক কৰ্মশালা অনুষ্ঠিত কৰা হয়। নৱপ্ৰজন্মৰ ভোটাৰসকলৰ মাজত ভোটদানৰ সজাগতা সৃষ্টিৰ লক্ষ্য আগত ৰাখি ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই পদক্ষেপ। কৰ্মশালাত ৰঙিয়া মহকুমা সহকাৰী আয়ুক্ত তথা STATE VOTERS EDUCATION AND ELECTORAL PARTICIPATION চমুকৈ SVEEP নডেল বিষয়া জিলী থাউচেন প্ৰশিক্ষকৰূপে উপস্থিত থাকে।