সাপেখাতী: বিমলাপুৰস্থিত সাংসদ তপন কুমাৰ গগৈৰ বাসগৃহত বিজেপিত যোগদান কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি দুলু হাজৰিকাই
লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি দলত যোগদানৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে।এনে সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জ্যেষ্ঠা নেতা তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা কাৰ্যকৰী সভাপতি দুলু হাজৰিকাই বুধবাৰে নিশা সাংসদ তপন গগৈৰ সাপেখাতি বিমলাপুৰত আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগাদান কৰে।কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক বৃহৎ ক্ষতি হৈ পৰিছে নেতা গৰাকীৰ বিজেপিত যোগদানৰ পিছতেই।