সাপেখাতী: আটাল পথাৰত সদৌ অসম চাওঁতাল মাঝিমণ্ডল সমিতিৰ প্ৰতিষ্ঠা দিৱস উদযাপন, উপস্থিত কেন্দ্ৰীয় সাংগঠনিক সম্পাদক স্বপন হেমৰম
সদৌ অসম মাঝিমণ্ডল সমিতিৰ প্ৰতিষ্ঠা দিৱস আজি মংগলবাৰে চাৰি বজাত সাপেখাতীৰ আটালপথাৰ বনুৱা প্ৰাৰ্থমিক বিদ্যালয় প্ৰাংগণত ৬ তম সদৌ অসম চাওঁতাল মাঝি মণ্ডল সমিতিৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সমিতি সাংগঠনিক সম্পাদক স্বপন হেমৰম, সাংস্কৃতিক সম্পাদক তুলাৰাম মূৰ্মূ, চৰাইদেউ জিলা সভাপতি আদিত্য টুডু,সম্পাদক শ্যাম মুৰ্মু প্ৰমুখ্যে মাঝি বাবা সকল।