মাহমৰা: মাহমৰাৰ ডবা পঞ্চায়তত বিজেপি দলৰ বিশেষ সাংগাঠনিক সভা সম্পন্ন
আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্ৱে দলৰ সাংগাঠনিক ভেঁটি শক্তিশালী কৰাৰ উদ্দেশ্যে মাহমৰা সমষ্টিত তৎপৰ হৈ পৰিছে বিজেপি দলৰ কাৰ্যকৰ্তা ৷ আজি সন্ধিয়া চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত ডবা পঞ্চায়তত বিজেপিৰ মাহমৰা গ্ৰাম্য মণ্ডলৰ ৭২ নং বুথত এখনি বিশেষ সাংগাঠনিক সভা অনুষ্ঠিত হয় ৷ এই সভাত বুথ সভাপতিৰ লগতে মাহমৰা গ্ৰাম্য মণ্ডল বিজেপিৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ৷