মাহমৰা: মৰাণহাট ঊষাপুৰত কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক সুৰুজ দিহিঙীয়াক সম্বৰ্দ্ধনা জিলা যুৱ কংগ্ৰেছ কমিটিৰ
চৰাইদেউ জিলাৰ মৰাণহাট ঊষাপুৰত অৱস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সুৰুজ দিহিঙীয়াৰ বাসগৃহত উপস্থিত হৈ আজি কংগ্ৰেছ নেতাগৰাকীৰ ওপজা দিন উপলক্ষে উষ্ম অভিনন্দন আৰু সম্বৰ্দ্ধনা জ্ঞাপন কৰে চৰাইদেউ জিলা যুৱ কংগ্ৰেছ কমিটিয়ে ৷ এই অনুষ্ঠানত চৰাইদেউ জিলা যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি গকুল গগৈ, উপসভাপতি ঈষাণু চুতীয়াসহ আন আন বিষয়ববীয়াসকল উপস্থিত থাকে ৷