সাপেখাতী: বৰহাট পঞ্চায়তত বিহুৰ উৰুকা দিনাও মহিলা মৰ্চাৰ সভাত নিৰ্বাচনী ব্যাপক প্ৰচাৰ
বৰহাট পঞ্চায়তত বৰহাট মহিলা মৰ্চাৰ উদ্যোগত বিশাল নিৰ্বাচনী সভা বৃহস্পতি বাৰে দুই বজাত অনুষ্ঠিত হয়।ব'হাগ বিহুৰ উৰুকাৰ দিনাও মহিলা সকল ব্যস্ত নিৰ্বাচনী সভাত।যোৰহাট লোক সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক জয়ী কৰাবৰ কাৰণে মহিলা মৰ্চাই উঠি পৰি লগা পৰিলক্ষিত হৈছে।সঘনে সভা-সমিতি অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে।