সাপেখাতী: বৰহাট আৰক্ষী থানাত অৰুণোদই আঁচনিৰ ফৰ্ম বিতৰণকলৈ উত্তপ্ত পৰিস্থিতি
বৰহাট আৰক্ষী থানাত বুধবাৰে ১২বজাত উত্তপ্ত কৰিলে কংগ্ৰেছ কৰ্মীয়ে।নিৰ্বাচনী আচৰণ বিধি উলঙ্ঘা কৰি বিজেপি কৰ্মীয়ে ঘৰে ঘৰে অৰুণোদয় আঁচনিৰব ফৰ্ম বিতৰণ কৰি থকা অৱস্থাতে কংগ্ৰেছ কৰ্মীয়ে নিৰ্বাচনী আচৰণ বিধি উলঙ্ঘা কৰা বুলি ফৰ্ম সমূহ জব্দ কৰাত দুয়োটা দলৰ কৰ্মী মাজত কথাৰ কটা কটি হয়,আৰক্ষীক খবৰ দিয়াত কংগ্ৰেছ দলৰ দুজন সদস্য ধৰম ৰাজ নন্দ আৰু ধ্ৰুৱ সাৰথিক নিশাই আৰক্ষীয়ে আটক কৰি অনাত ঘটনাক লৈ কংগ্ৰেছ দলৰ একাংশ কৰ্মীয়ে আজি বৰহাট আৰক্ষী থানা উপস্থিত হৈ পৰিবেশ উতপ্ত কৰি তোলে।