সাপেখাতী: টিট্ লাগড়ত নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে
যোৰহাট লোক সভা সমষ্টিৰ সাপেখাতী ৰাজহচক্ৰৰ অন্তৰ্গত অঞ্চল সমূহত জোৰদাৰহৈ উঠিছে কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।আজি বুধবাৰে ১১বজাত টিট্ লাগড়ত অনুষ্ঠিত নিৰ্বাচনী সভাত বিজেপি প্ৰাৰ্থী তপন গগৈয়ে সভাত অংশগ্ৰহণ কৰি ৰাইজক ভোট দি জয়ী কৰাবলৈ অনুৰোধ জনায়।আনহাতে সভাত ২০জন লোকে বিজেপি দলত যোগদান কৰে।