সাপেখাতী: ১নং কলাকটাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ বিদায় সভাত চাওঁতাল উন্নয়ন সন্থা,চৰাইদেউ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি অমৰ হেমৰম
১ নং কলাকটা জঙ্গল বস্তী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী দেবেন গগৈক আজি দেওবাৰে ২-৩০বজাত ৰাইজে বিদায় সম্বৰ্ধনা জনায়।নগাহাট হাই স্কুলৰ সহঃশিক্ষক টুপী ধৰ গগৈ পৌৰোহিত্বত অনুষ্ঠিত সভাত চাওঁতাল উন্নয়ন সন্থা চৰাইদেউ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি অমৰ হেমৰম অমৰ হেমৰম,ৰাজীৱ গগৈ, কনক ভূঞাই বিদায়ী শিক্ষক দেবেন গগৈ শিক্ষা জগতলৈ আগবঢ়োৱা অৱদানৰ সন্দৰ্ভত আলোকপাত কৰে।