সাপেখাতী: বৰহাটত বৰহাট মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত অনুষ্ঠিত নিৰ্বাচনী সভাত প্ৰচাৰ চলালে তপন কুমাৰ গগৈহৈ পত্নী ড০বিনীতা শইকীয়াই
বৰহাট মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত বৰহাট পঞ্চায়তৰ ৫৬নং বুথত শনিবাৰে চাৰি বজাত মহিলা মৰ্চাৰ সভানেত্ৰী সংগীতা গগৈ পৌৰোহিত্বত অনুষ্ঠিত হয়।সভাত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈহৈ পত্নী ড০বিনীতা শইকীয়া,বুথ সভাপতি ৰুবুল চুতীয়া, প্ৰভাৰী অনিতা দাস বুঢ়াগোঁহাই প্ৰমুখ্যে মহিলা মৰ্চাৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰি ৰাইজক তপন কুমাৰ গগৈক ভোট দি জয়ী কৰিবলৈ আহ্বান জনায়।