শিৱসাগৰ জিলাৰ সমবায় বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় বিশেষ সমবায় সপ্তাহ পালন
ঐতিহাসিক শিৱসাগৰৰ ৰংঘৰ চৌহদত গছ পুলি ৰোপন কাৰ্য্যসূচী ৰূপায়িত কৰা হয় সমবায় সপ্তাহৰ লগত সংগতি ৰাখি । কাৰ্য্যসুচীত সমবায় বিভাগৰ উপ-পঞ্জীয়ক সিদ্ধাৰ্থ দলে,সহকাৰী পঞ্জীয়ক দ্ৰোণকান্ত বড়ি , সহ পঞ্জীয়ক ইমদাদ আলি আৰু দুয়োটা কাৰ্য্যালয়ৰ সমুহ বিষয়া কৰ্মচাৰীৰ লগতে আজিৰ কাৰ্য্যসুচীৰ প্ৰধান উদ্যোক্তা মেটেকা সমবায় সমিতি লিমিটেড , নিতাইপুখুৰী , জকাইচুক , মৰাবজাৰ, বেতবাৰী, গধুলী বজাৰ, নগৰ মহল, পশ্ছিম কোৱঁৰপুৰ আৰু পাইকাৰী গ্ৰাহক সমবায় সমিতি লিমিটেডৰ সভাপতি সম্পাদক তথা সদস্য আৰু এজেণ্ট সকলে একো জোপাকৈ গছ পুলি ৰোপন কৰে। অন্যহাতে মুং দুন চুন খাম টুৰিজিম এণ্ড স্কিল ডেভলপমেন্ট কো:অপাৰেটিভ চছাইটিৰ উদ্যোগতো জিলা খনৰ ভিন্ন প্ৰান্তত কৃষ্ণ চূড়া আৰু ৰাধা চূড়া গছ পুলি ৰোপণ কৰা হয় ।
উল্লেখ যোগ্য যে সমবায় বিভাগৰ দ্বাৰা সমগ্ৰ ভাৰত বৰ্ষত এক কোটি বৃক্ষ ৰোপনৰ যি কাৰ্যসুচী লোৱা হৈছে তাৰে অংশ হিচাপে শিৱসাগৰ জিলাৰ সমবায় বিভাগেও এই কাৰ্য্যসুচী পালন কৰে।যোৱা ইং ২৯/৬/ ২০২৬ তাৰিখৰ পৰা পালন কৰা সমবায় সপ্তাহৰ প্ৰতিটো দিনতে বিভিন্ন সমবায় সমিতিত সমবায় সজাগতা সভা আৰু অন্যান্য অনুষ্ঠান আয়োজন কৰা হৈছে। অহা ইং ৬/৭/২০২৬ তাৰিখে এই সমবায় সপ্তাহৰ অন্তিমটো দিন পালন কৰা হব । এই উপলক্ষে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে ভাৰতবাসীৰ উদ্দেশ্যে সমবায়ৰ গুৰুত্ত্ব আৰু প্ৰয়োজনীয়তাৰ ওপৰত ভাষন প্ৰদান কৰিব ।
#everyonefollowers