◾ ওদালগুৰিৰ ভেৰগাঁৱত সম্পন্ন ১৯ সংখ্যক বড়োলেণ্ড শ্বহীদ সোঁৱৰণি মহিলা ফুটবল ট্ৰফী ২০২৬।
◾ চূড়ান্ত খেলত কাৰ্বিআলং স্প’ৰ্টছ এছ’চিয়েচনক পৰাস্ত কৰি খিতাপ অৰ্জন অসম ৰাইফলছ মহিলা ফুটবল দলৰ।
◾ নিৰ্ধাৰিত সময়ত ১-১ গ’লত সমতা; ট্ৰাইব্ৰেকাৰত ৪-২ গ’লৰ ব্যৱধানত বৃহৎ জয় অসম ৰাইফলছৰ।
◾ ১২ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ ভেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় সৰ্বভাৰতীয় আমন্ত্ৰণমূলক মহিলা ফুটবল প্ৰতিযোগিতা।
◾ ভেৰগাঁও আঞ্চলিক বড়ো ছাত্ৰ সন্থা আৰু ভেৰগাঁও আঞ্চলিক ক্ৰীড়া সন্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত উপস্থিত থাকে ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাউ দৈমাৰী, বিধায়ক বিকন চন্দ্ৰ ডেকা, পাৰিষদ দাউবৈছা বড়োসহ বিশিষ্ট ব্যক্তিসকল।