প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্য দিৱসৰ দিনটোত মহান শিল্পী জনলৈ শ্ৰদ্ধা জনাই ভাৰতীয় জনতা পাৰ্টিৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আজি ওদালগুৰি চহৰত জীৱন সুৰভি শীৰ্ষক ৰক্তদান শিৱিৰ অনুষ্ঠিত হয়। আজিৰ এই অনুষ্ঠানত টংলাৰ বিধায়ক বিকন চন্দ্ৰ ডেকা, বিটিচি বিধান পৰিষদৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, ওদালগুৰিৰ জিলা আয়ুক্ত পুলক পাটগিৰি, বিটিচিৰ পাৰিষদ তথা জিলা বিজেপিৰ সভাপতি অজয় কুমাৰ হাজৰিকাৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজিৰ এই অনুষ্ঠানত ১০০ ৰো অধিক লোকে ৰক্তদান কৰে।