বাক্সা: উত্তৰ শালবাৰী প্ৰাথমিক বিদ্যালয়ত পকী বেৰ উদ্বোধন ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ
Baska, Baksa | Aug 20, 2025 বাক্সা জিলাৰ শালবাৰীস্থিত উত্তৰ শালবাৰী প্ৰাথমিক বিদ্যালয়ত আজি ১২ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা পকী বেৰ আনুষ্ঠানিকভাবে ৰঙা ফিটা কাটি উদ্বোধন কৰে ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে। সাংসদ নাৰ্জাৰীয়ে আজি পকী বেৰ উদ্বোধন কৰি আনন্দিত হয়। লগতে তেওঁ ৰাইজৰ উন্নয়ন সন্দৰ্ভত ভাষণ আগবঢ়ায়। সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ লগত আজি বিটিআৰৰ পাৰিষদ জয় মুছাহাৰী আদি উপস্থিত থাকে।