Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
Coronavirus
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
मध्यप्रदेश
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
Uttarakhand
लखनऊ

ওদালগুৰিবাসীৰ বাবে এক সুখবৰ। এতিয়াৰে পৰা উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ ঢাপলি মেলিব নালাগে। চেন্নাই এপোলো হাস্পতালৰ এগৰাকী প্ৰখ্যাত বৃক্ক ৰোগ বিশেষজ্ঞ চিকিৎসক উপলব্ধ হ’ব আপোনাৰ নিজৰ চহৰ ওদালগুৰিত। Appointment ৰ বাবে এতিয়াই যোগাযোগ কৰক 8822459373 অথবা 9395251736 নম্বৰত।

Udalguri, Udalguri | Jul 14, 2026

MORE NEWS

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, কলাইগাঁও শাখাৰ উদ্যোগত পৰিষদৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে আজি "শ্ৰেষ্ঠ বিদ্যাৰ্থী অভিনন্দন অনুষ্ঠান" সফলভাৱে অনুষ্ঠিত হয়।

এই অনুষ্ঠানত কলাইগাঁও শাখাৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ মেধা, অধ্যৱসায় আৰু শৈক্ষিক উৎকৰ্ষৰ স্বীকৃতিস্বৰূপে মানপত্ৰ আৰু গছপুলি প্ৰদান কৰি আন্তৰিকভাৱে সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণামূলক বক্তব্যৰে উৎসাহিত কৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে।  অতিথিসকলৰ ভিতৰত বিশেষভাৱে উপস্থিত থাকে, জুমন বৰুৱা (জিলা প্ৰমুখ, এবিভিপি, ওদালগুৰি জিলা), দিগন্ত বৰুৱা (পাৰিষদ, মুদৈবাৰী সমষ্টি), প্ৰিয়ংকা বণিয়া (চক্ৰবিষয়া, কলাইগাঁও ৰাজহ চক্ৰ), কৃষ্ণকান্ত বড়ো (পৌৰপতি, কলাইগাঁও পৌৰসভা), দীপাংকৰ ওজা (বিশিষ্ট সমাজসেৱক), শিশুৰাম ভূঞা (সভাপতি, এবিভিপি কলাইগাঁও শাখা), মনোৰঞ্জন আচাৰ্য (সম্পাদক, এবিভিপি কলাইগাঁও শাখা) আৰু শাখাৰ পূৰ্ব কাৰ্যকৰ্তাসকল।

#ABVP #ABVPAssam #ABVPUdalguri #78thFoundationDay #NationalStudentsDay #Kalaigaon #StudentFelicitation #NationBuilding

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, কলাইগাঁও শাখাৰ উদ্যোগত পৰিষদৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে আজি "শ্ৰেষ্ঠ বিদ্যাৰ্থী অভিনন্দন অনুষ্ঠান" সফলভাৱে অনুষ্ঠিত হয়। এই অনুষ্ঠানত কলাইগাঁও শাখাৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ মেধা, অধ্যৱসায় আৰু শৈক্ষিক উৎকৰ্ষৰ স্বীকৃতিস্বৰূপে মানপত্ৰ আৰু গছপুলি প্ৰদান কৰি আন্তৰিকভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণামূলক বক্তব্যৰে উৎসাহিত কৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। অতিথিসকলৰ ভিতৰত বিশেষভাৱে উপস্থিত থাকে, জুমন বৰুৱা (জিলা প্ৰমুখ, এবিভিপি, ওদালগুৰি জিলা), দিগন্ত বৰুৱা (পাৰিষদ, মুদৈবাৰী সমষ্টি), প্ৰিয়ংকা বণিয়া (চক্ৰবিষয়া, কলাইগাঁও ৰাজহ চক্ৰ), কৃষ্ণকান্ত বড়ো (পৌৰপতি, কলাইগাঁও পৌৰসভা), দীপাংকৰ ওজা (বিশিষ্ট সমাজসেৱক), শিশুৰাম ভূঞা (সভাপতি, এবিভিপি কলাইগাঁও শাখা), মনোৰঞ্জন আচাৰ্য (সম্পাদক, এবিভিপি কলাইগাঁও শাখা) আৰু শাখাৰ পূৰ্ব কাৰ্যকৰ্তাসকল। #ABVP #ABVPAssam #ABVPUdalguri #78thFoundationDay #NationalStudentsDay #Kalaigaon #StudentFelicitation #NationBuilding

Udalguri, Udalguri | Jul 13, 2026

ওদালগুৰিত চুৰি কাণ্ডত মুঠ চাৰিজনক গ্ৰেপ্তাৰ কৰিছে ওদালগুৰি আৰক্ষীয়ে। চুৰিৰ অভিযোগত বিশাল তাঁতী ওৰফে পিস্কো আৰু আবিজা বাগলাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা কাঁহৰ কাহী-বাতি আৰু এটা এনড্ৰইড টেবলেট জব্দ কৰা হয়। তদন্তত চুৰি সামগ্ৰী ক্ৰয় কৰাৰ অভিযোগত হেমন্ত তাঁতী আৰু চাহিদা খাতুনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত ওদালগুৰি থানাত ৫২/২৬ নম্বৰত BNSৰ ৩০৫(এ), ৩১৭(২) আৰু ৩৩১(৪) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান–২০২৬ৰ অধীনত ভাৰতীয় জনতা পাৰ্টিৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত দুদিনীয়া জিলা প্ৰশিক্ষণ বৰ্গ অনুষ্ঠিত হৈছে। ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজিৰ পৰা দুদিনীয়াকৈ আয়োজিত এই প্ৰশিক্ষণ বৰ্গত ২০০ ৰো অধিক দলীয় নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

Udalguri, Udalguri | Jul 11, 2026