ৰঙিয়াৰ মুৰাৰাত শুক্ৰবাৰে বিয়লি প্ৰায় ৫ বজাত বিজেপি দলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধনী কাৰ্যসূচী ৰূপায়ণ কৰে দলটোৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই ।দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকীৰ ৩১ নং ৰঙিয়া বিধান সভা সমষ্টিৰ নিৰ্বাচনী কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ লক্ষ্য আগত ৰাখি স্থাপন কৰা হয় কাৰ্যালয়টি ।অনুষ্ঠানত উত্তৰ কামৰূপ জিলা সভাপতি সুবল পাল ,অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতা আৰ্ণৱ ভৰালী প্ৰমূখ্যে নেতৃবৃন্দ উপস্থিত থাকে ।