কিছূদিনৰ বৰবৰুৱাৰ লাহনগাঁৱৰ উদীয়মাণ ব্যৱসায়ী উত্তম গগৈ ওৰফে চেং কাইক কোনো দুৰ্বৃত্তই ঘৰত অকলে থকাৰ অৱস্থাত নিশা নৃশংস ভাৱে হত্যা কৰিছিল। আজিৰ পৰ্যন্ত আৰক্ষীয়ে চিনাক্ত কৰিব পৰানাই হত্যাকাৰীক। তদন্ত ক্ষিপ্ৰ কৰাৰ দাবীৰে আজি বৃহস্পতিবাৰে পুৱা ৯ বজাত বৰবৰুৱাৰ স্থানীয় শতাধিক পুৰুষ মহিলাৰ লগতে বিভিন্ন দল সংগঠন একত্ৰিত হৈ বৰবৰুৱা থানাত স্মাৰক পত্ৰ প্ৰেৰণ কৰে