নলবাৰী: চহৰস্থিত নলবাৰী নাট্য মন্দিৰত আৰম্ভ হৈছে আদ্য শৰ্মা সদৌ অসম নাট প্ৰতিযোগিতা
অসম নাট্য সন্মিলন নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰী নাট্য মন্দিৰত আদ্য শৰ্মা সদৌ অসম নাট প্ৰতিযোগিতা আৰম্ভ । ৰাতিপুৱা পতাকা উত্তোলন, প্ৰয়াত শিল্পীৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰা হয় । এই অনুষ্ঠানত জিলাখনৰ কেবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে । প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ ২৩ টা নাট্য দলে যোগদান কৰা বুলি জানিব দিয়ে সমিতিয়ে। প্ৰতিযোগিতাস্থলী নলবাৰী নাট্য মন্দিৰ প্ৰাঙ্গনত এখনি চিত্ৰ প্ৰদৰ্শনী আয়োজন কৰিছে ।