বাঁহীৰ অপূৰ্ব সুৰৰ মূৰ্ছনাৰে জগত জিনা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী দীপক শৰ্মাই বহু সৃষ্টিৰাজিৰে সাংস্কৃতিক জগতখনক মহীয়ান কৰি গৈছে৷ তেখেতৰ বাসগৃহত উপস্থিত হৈ প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা কৰে মুখ্যমন্ত্ৰীয়ে