শনিবাৰে দিনৰ প্ৰায় ১১ বজাত পোহৰলৈ আহিল ৰঙিয়া নগৰৰ ষ্টেচন ৰোডস্থিত জোৎস্না ইলেকট্ৰিকেল ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি কাণ্ডৰ ঘটনা ।ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে ৰঙিয়া নগৰৰ ষ্টেচন ৰোডৰ মোবাইল দোকানত চোৰৰ চাফাই অভিযান । জোস্না ইলেকট্ৰিকেল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মুধচৰ টিং কাটি দোকানৰ ভিতৰত প্ৰবেশ চোৰৰ । দোকানখনৰ পৰা প্ৰায় ২ লক্ষাধিক টকা মূল্যৰ মোবাইল আৰু এটা ডিজে লুট কৰি নিয়ে চোৰে।ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে গৰাকী বিনয় দাসে ।