সোণাৰি: মথুৰাপুৰ উঃ মাঃ বিদ্যালয়ত চৰাইদেউ আৰক্ষীৰ নতুনকৈ প্ৰযোজ্য হোৱা অপৰাধ আইন সন্দৰ্ভত সজাগতা,উপস্থিত অতিৰিক্ত আৰক্ষী অধীক্ষক
চৰাইদেউ জিলাৰ মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত চৰাইদেউ আৰক্ষীয়ে ১ জুলাই পৰা সমগ্ৰ ভাৰতবৰ্য়ত পুৰণি ফৌজাদাৰী আইনৰ বিপৰীতে নতুনকৈ প্ৰযোজ্য হৱ লগা আইন ক্ৰমে ভাৰতীয় ন্যায় সংহিতা (BNS) আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS) আইনৰ সম্পৰ্কে সজাগতা সভা অনুস্থিত হয় ৷উক্ত সভাত চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতি প্ৰসাদ পেগু আৰু মথুৰাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অতুল পাটৰ আৰু বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে ৷