মাহমৰা: মাহমৰাৰ দিচাংপানীত কংগ্ৰেছৰ দলীয় সাংগাঠনিক সভাত উপস্থিত থাকে বিধায়ক দেৱব্ৰত শইকীয়া
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত দিচাংপানীত আজি বিয়লি মাহমৰা ব্ল'ক কংগ্ৰেছ আৰু লাকুৱা ব্ল'ক কংগ্ৰেছৰ এখনি যৌথ সাংগাঠনিক সভা অনুষ্ঠিত হয় ৷ মাহমৰা ব্ল'ক কংগ্ৰেছৰ সভাপতি কেশৱ গগৈৰ সভাপতিত্বত অনুষ্ঠিত এই দলীয় সভাত নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক উৎপল গগৈ, চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সভাপতি গকুল গগৈসহ মাহমৰা আৰু লাকুৱা ব্ল'ক কংগ্ৰেছৰ সমূহ বিষয়ববীয়া আৰু শতাধিক দলীয় কৰ্মী উপস্থিত থাকে ৷