মাহমৰা: 'কা'-ৰ বিৰুদ্ধে তীব্ৰতৰ হ'ব আন্দোলন, মৰাণহাটত টাইপাৰ কেন্দ্ৰীয় উপসভাপতিৰ হুংকাৰ
চৰাইদেউ জিলাৰ মৰাণহাটত আজি সন্ধিয়া টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি উত্তম দিহিঙীয়াই অসমত নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰাৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ 'কা' সন্দৰ্ভত টাইপা নিজৰ স্থিতিত অটল আছে বুলি উল্লেখ কৰি টাইপা নেতাজনে এই বিতৰ্কিত আইনখনৰ বিৰুদ্ধে জোৰদাৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷