ওদালগুৰি জিলাৰ ৪৭নং মাজবাট বিধান সভা সমষ্টিৰ ওৰাঙৰ মৌজাৰ ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়খন এক গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হৈ আহিছে ৷এই খন মহাবিদ্যালয়ৰ পৰিচালনা সমিতি গঠন কৰাৰ উদেশ্য এখনি সাধৰণ সভাখনি ২২ নবেম্বৰত অনুষ্ঠিত হৈ যায় ৷সভাত সভাপতিত্বত কৰে পূৰ্বৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি মন্টু বসুমতাৰীয়ে । সভাৰ উদেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ উৎপল কুমাৰ হাজাঙে । সভাখন আতধৰে মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ৰমেশ দাহালে ।