*ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে শিৱসাগৰ আৰক্ষী*
*ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে এক্সন মুডত শিৱসাগৰ জিলা প্ৰশাসন*
*প্ৰগতি চাৰিআলিৰ কুখ্যাত ড্ৰাগছ মাফিয়া নুৰেদা বেগমৰ ঘাটিত চলিল জিলা প্ৰশাসনৰ বুলডেজাৰ*
*দণ্ডাধীশ মিত্ৰাবিন্দা গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে বুলডজেৰৰ সহায়ত ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে ঘাটিটো*
*ক্ৰমাৎ শিৱসাগৰ জিলাত ভয়াবহ ৰূপ ধাৰণ কৰা ড্ৰাগছৰ বিৰুদ্ধে শিৱসাগৰৰ জেঙনিকটীয়াবাসী ৰাইজ ৰাজপথলৈ ওলাই আহিছিল অনুষ্ঠিত কৰা হৈছিল ৰাজহুৱা সভা আজিৰ পৰা দুটা দিনৰ পূৰ্বে*
*জেঙনিকটীয়া য়ুথ ক্লাব, যুৱ সমাজ আৰু মচজিদ পৰিচালনা সমিতিয়ে কুখ্যাত ড্ৰাগছ মাফিয়া নুৰেদা বেগমৰ ঘাটিটো চিনাক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জিলা আয়ুক্তক দিছিল স্মাৰক পত্ৰ*
*শিৱসাগৰ জিলা আয়ুক্তক এই সন্দৰ্ভদ স্মাৰকপত্ৰ দাখিল কৰাৰ পাছত আয়ুক্তই কঠোৰ স্থিতি গ্ৰহণ কৰি দণ্ডাধীশৰ হতুৱাই ঘাটিটো বুলডেজাৰেৰে উচ্ছেদ কৰে*
#highlight #everyonefollowers