সাপেখাতী: সাপেখাতীত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসম মজুৰি শ্ৰমিক ইউনিয়ন তথা সদৌ অসম খেতিয়ক সন্থাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত
বৃস্পতিবাৰে ১ বজাত সাপেখাতী চাৰিআলিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে অসম মজুৰি শ্ৰমিক ইউনিয়ন তথা সদৌ অসম খেতিয়ক সন্থাৰ উদ্যোগত উত্তাল প্ৰতিবাদ ।বিজেপি গ' বেক, ʼকা' আমি নামানো', বিজেপি মুৰ্দাবাদ,' আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। কেন্দ্ৰ চৰকাৰে নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰ নকৰা পৰ্য্যন্ত আন্দোলন তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপত চলাই যোৱাৰ হুংকাৰ প্ৰদান কৰে সংগঠনৰ নেতৃত্বই।