সাপেখাতী: সাপেখাতীত সুদখোৰ ৰত্নাদেৰ অতপালী,সুদ নিদিয়াৰ বাবে চৰকাৰী ঘৰ,মাটি জব্দ
সাপেখাতীত সুদ আদায় নকৰাত চৰকাৰী আৱন্তিত গৃহৰ লগতে মাটি কাঢ়ি দখল কৰাৰ অভিযোগ ৰত্না দে নামৰ ব্যক্তিৰ বিৰুদ্ধে।সুদলৈ লোৱা ধন ঘুৰাই দিব নোৱাৰাত সাপেখাতী অঞ্চলৰ গিটেছ ৰঞ্জন পাল নামৰ দৰিদ্ৰ লোকজনৰ ঘৰৰ মাটি-ভেটিৰ লগতে চৰকাৰী আৱাসগৃহ জব্দ কৰে।বৰ্তমান গৃহটো ৰত্না দে ভাড়া দিছে অন্য লোকক।ৰত্না দে পূৰ্বেও এই অভিযোগত জেললৈ গৈছিল যদিও পুনৰ এনে ঘটনা পোহৰলৈ অহাত চাঞ্চল্যৰ সৃষ্টি হয়।