মৰিগাঁও: মই গৈ আছোঁ বুলি শ্যামকানু মহন্তই কৰা ফেচবুক প'ষ্টৰ সন্ধৰ্ভত মৰিগাঁৱত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ সভাপতি উৎপল শৰ্মাই
জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ উপলক্ষে মৰিগাঁৱত বন্তি প্ৰজ্বলন কৰি উৎপল শৰ্মাই কয় শ্যামকানু মহন্ত VVIP নেকি, ফেচবুকত লিখি দিছে "মই গৈ আছোঁ"। শ্যামকানু, সিদ্ধাৰ্থ আৰু ছিংগাৰপুৰ অসম এচ’ছিয়েছন কেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰক৷ অসম আৰক্ষীয়ে এই অপৰাধী কেইজনক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই৷ খবৰ আহিছে শ্যামকানু মহন্তক ছিংগাৰপুৰত গ্ৰেপ্তাৰ হৈছে। আনহাতে এই শ্যামকানু মহন্তই ফেচবুক পোষ্ট দি কৈছে মই গৈ আছো। অসম আৰক্ষী চাইবাৰ চেল ইমান দুৰ্বল নে বুলি মৰিগাঁৱত প্ৰশ্ন কৰে আছুৰ সভাপতি জনে।