কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতি (ST) ৰূপে স্বীকৃতি প্ৰদানৰ দাবীক লৈ আজি সমগ্ৰ ওদালগুৰি চহৰ উত্তাল হৈ উঠে। অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ সমর্থকে ওদালগুৰিত হাতে হাতে, প্লেকাৰ্ড, বেনাৰ আৰু শ্ল’গানেৰে জনজাতিকৰণৰ দাবীৰে উত্তাল কৰি তোলে।এই কাৰ্য্যসূচীত নেতৃত্ব প্রদান কৰে আক্ৰাছুৰ জিলা সমিতিৰ নেতৃত্বৰ, লগতে বিভিন্ন কোচ ৰাজবংশী সামাজিক-সাংস্কৃতিক সংগঠনে অংশগ্ৰহণ কৰে। কোচ ৰাজবংশী ছাত্ৰ সন্থাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক জনজাতিকৰণৰ দাবী সোনকালেই পূৰণ কৰিবলৈ আহ্বান জনায়।