বাক্সা: মানাহ ৰাষ্ট্ৰীয় উদ্যানত অবড়ো সুৰক্ষা সমিতি অসমৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয়
Baska, Baksa | Aug 28, 2025 বাক্সা জিলাৰ শালবাৰী মহকুমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ অন্তৰ্গত ময়ুৰী ল'জত আজি অবড়ো সুৰক্ষা সমিতি অসমৰ এখনি নিৰ্বাচনী সভা অনুষ্ঠিত হয়। অবড়ো নেতা ছাজাহান আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিটিচি নিৰ্বাচনৰ ৰণকৌশল সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। আজিৰ সভাৰ জৰিয়তে শালবাৰী পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী সমিতিও গঠন কৰা হয়।