সাপেখাতী: সাপেখাতীৰ ভোগবাৰী লেকামপথাৰত ৰাইজে জব্দ কৰে অৰুণোদই ফৰ্ম
কানু ভোগবাৰী লেকামপথাৰ গাঁৱত মঙলবাৰে ৯ বজাত ৰাইজে জব্দ কৰে প্ৰায় ৫০খনতকৈ অধিক বিজেপি দলৰ সদস্যই বিতৰণ কৰি থকা ফৰ্ম।পুৱাই গাঁওখনৰ অভিৰাম কৰ্মকাৰৰ ঘৰত ১নং কানুগাঁৱৰ নিবাসী জনৈক চেতিয়া নামৰ এজন লোকে আহি কিছুমান শাসকীয় দলৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ ফটো সংলগ্ন ফৰ্ম বিতৰণ কৰি থকা সময়তে গাঁৱৰ বহু সংখ্যক ৰাইজ একত্ৰিত হৈ ফৰ্মসমূহ জব্দ কৰে যদিও জনৈক চেতিয়া পলাই যায়।