সাপেখাতী: বৰহাট আলিত মহিলা মৰ্চাৰ উদ্যোগত ব্যাপক নিৰ্বাচনী প্ৰচাৰ
বৰহাট আলিত বৰহাট মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত মঙ্গলবাৰে সন্ধিয়া ছয় বজাত এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়।উল্লেখ্য যে ইতিমধ্যে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে কালি মাৰথন নিৰ্বাচনী প্ৰচাৰ কৰাৰ পাছতেই তৎপৰতা বৃদ্ধি পাইছে বিজেপি বৰহাট মণ্ডল,মহিলা মৰ্চা।বৰহাট মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী সংগীতা গগৈ সবল নেতৃত্বত নিৰ্বাচনী প্ৰচাৰ তংগত হোৱা পৰিলক্ষিত হৈছে।তপন কুমাৰ গগৈক জয়ী কৰিবলৈ দিনে-ৰাতিয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে।